Disneyland 1972 Love the old s
মুখ্য পৃষ্ঠা
04/05/2619:55

Onurag.org-nila-khamor-sithi 1

মৰমৰ "অনু"
সময়ৰ বুকুচাত ভটিয়াই যোৱা বৰ্ষৰ
স্মৃতি বোৰ বুকুত খামুচি তোমালৈ নৱ বৰ্ষৰ ওলগ জনোৱাৰ হেঁপাহত হাতত কলম তুলি লৈছো |যদিও জানো ,পৃথিৱীৰ পৰিধিৰ সীমনাত তোমাৰ বাবে এইবোৰ সাধু এতিয়া |ঋতুৰ আঁচলত ধৰি নামি অহা শীতৰ সেমেকা ৰাতি বোৰত কলিজাটো চিকুটি ,ওঁঠত বেদনাৰে ভৰা হাঁহি এটি লৈ কিমান দিন জী থাকিম মোৰ কল্পনাৰ বাহিৰত |

অনু ,আত্মহত্যাৰ অপচেষ্টাত ভাৰাক্ৰান্ত মনে কিদৰে জনাওঁ তোমাক মোৰ বতৰা ?প্ৰতিশ্ৰুতিৰ অলেখ দিৱস উদযাপন কৰি কৰি জীয়াই থকাৰ
যি কথা দিছিলো ,সেয়া চোন সময় আৰু স্মৃতি নিষ্ঠুৰ অত্যাচাৰে শেষ
কৰি আহিছে |নিয়তীৰ ঢ়ৌৱে কোঙা কৰা জী ৱনত তোমাৰ মৰমে আজিও দিয়ে জীয়াবলৈ প্ৰেৰণা |আশা বোৰে বুকুত গুজৰি গুমৰি নমাই
আনে দুচকুৰে চকুলো প্লাৱন |হেৰুৱা দিনবোৰ খুচৰি খুচৰি ভটিয়াই
যাওঁগৈ তোমাৰ সমাধিৰ কাষলৈ নতুবা নদীৰ ঘাটলৈ |মলয়াৰ সুহুৰিত
কহুঁৱা বোৰে উন্মাদ হৈ নচাৰ পৰত
তোমালৈ বৰকৈ মনত পৰে অ' |যাওঁ বুলিয়েই গুচি গ'লা অনন্ত দূৰলৈ |উপহাৰ দি মাথো এটি নিতুল আঁউসি |

অনু ,অনুভৱী শব্দৰ মালা গাঁঠি তোমালৈ একলম লিখাৰ যি অভ্যাস আছিল ,তাক বুকুত আলফুলে কবৰ দিছো |প্ৰতিশ্ৰুতি ৰক্ষা কৰি মৰি মৰি জীয়াই থাকিম আজীৱন |

ইতি
তোমাৰ "মই"

©ৰাজু কলিতা